গোৱালপাৰাৰ কৃষ্ণাইত চাঞ্চল্যকৰ ঘটনা৷ এখন চৰকাৰী বিদ্যালয়ত সংঘটিত হৈছে ভয়ংকৰ ঘটনা৷ ৫ গৰাকী বিশেষ সম্প্ৰদায়ৰ ছাত্ৰই বিদ্যালয়লৈ টিফিনত লৈ আহিল নিষিদ্ধ মাংস। বিদ্যালয়ৰ শ্ৰেণীকোঠাতেই টিফিনত নিষিদ্ধ মাংস আনি নিজেই ভক্ষণ কৰাৰ লগতে দুগৰাকীকৈ হিন্দু ছাত্ৰক সেই নিষিদ্ধ মাংস খাবলৈ হেঁচা প্ৰয়োগ কৰাৰ অভিযোগ৷
নৱম শ্ৰেণীৰ ৫জন ছাত্ৰই বিদ্যালয়লৈ টিফিনত আনিছিল নিষিদ্ধ মাংস। সেই মাংস নিজেই শ্ৰেণীকোঠাত খোৱাৰ লগতে দুই হিন্দু ছাত্ৰকো খুৱাবলৈ চেষ্টা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে
বিশেষ সম্প্ৰদায়ৰ এই ছাত্ৰকেইজনে হিন্দু ছাত্ৰ দুজনক নিষিদ্ধ মাংস খুৱাবলৈ চেষ্টা কৰাত তেওঁলোকে বিদ্যালয় কৰ্তৃপক্ষক বিষয়টো অৱগত কৰে। কিন্তু বিদ্যালয় কৰ্তৃপক্ষই এই সমগ্ৰ ঘটনা গাপ দিয়াৰ চেষ্টা কৰাৰ লগতে হিন্দু ছাত্ৰ দুজনক এই সন্দৰ্ভত মুখ নুখুলিবলৈ নিৰ্দেশ দিয়ে।
বিদ্যালয় ছুটীৰ পিছত হিন্দু ছাত্ৰ দুজনে এই ঘটনা পৰিয়ালক অৱগত কৰে। এই ঘটনাৰ পিছতে ভুক্তভোগী দুই ছাত্ৰৰ অভিভাৱকে কৃষ্ণাই থানাত নিশাই এজাহাৰ দাখিল কৰে।