বিশ্বনাথ জিলাৰ বিহালী থানাৰ অন্তৰ্গত ননকে চেৰেলিয়া গাঁৱত হৃদয়বিদাৰক ঘটনা।
একে দিনাই একেটা পৰিয়ালৰ তিনিজনকৈ লোকৰ ৰহস্যজনক মৃত্যু।
মৃত লোক তিনিজন লুতৰা বিৰ্জা, তেওঁৰ পত্নী প্ৰমিলা বিৰ্জা আৰু লুতৰা বিৰ্জাৰ জ্যেষ্ঠ ভাতৃ মাঘ’ বিৰ্জা বুলি চিনাক্ত কৰা হৈছে।
প্ৰাপ্ত তথ্য অনুসৰি, আজি দুপৰীয়া সুৰাপান কৰাৰ কিছু সময়ৰ পিছতেই তিনিওজন লোক হঠাৎ গুৰুতৰভাৱে অসুস্থ হৈ পৰে। অসুস্থ হৈ পৰাৰ লগে লগে লুতৰা বিৰ্জাৰ নামৰ লোকজন থিতাতে মৃত্যু ঘটে।
ইফালে সংকটজনক অৱস্থাত প্ৰমিলা বিৰ্জাক কেথলিক হাস্পতাললৈ আৰু মাঘ’ বিৰ্জাক তেজপুৰলৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছিল যদিও হাস্পতালত চিকিৎসাধীন অৱস্থাতে দুয়োৰে মৃত্যু ঘটে।
ঘটনাৰ খবৰ পোৱাৰ লগে লগে বিহালী আৰক্ষী থানাৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়।আৰক্ষীয়ে মৃতদেহকেইটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে হাস্পতাললৈ প্ৰেৰণ কৰে।মৰণোত্তৰ পৰীক্ষাৰ চুড়ান্ত প্ৰতিবেদন অহাৰ পিছতহে মৃত্যুৰ প্ৰকৃত কাৰণ সম্পূৰ্ণ নিশ্চিত হ’ব বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে।
তিনিজন লোকৰ আকস্মিক মৃত্যুৱে সমগ্ৰ বিহালী অঞ্চলটোতে তীব্ৰ চাঞ্চল্য আৰু গভীৰ শোকৰ ছাঁ পেলাইছে।