ই-চিগাৰেট সেৱন কৰি শাস্তিৰ সমুখীন অসম সন্তান ৰিয়ান পৰাগ! BCCIএ কঠোৰ শাস্তি দিলে ৰিয়ান পৰাগক

অসম সন্তান ৰিয়ান পৰাগক পঞ্জাৱ কিংছৰ বিৰুদ্ধে IPLৰ সময়ত ড্ৰেছিং ৰূমত ই-চিগাৰেট সেৱন কৰি থকা পৰিলক্ষিত হয়। LIVE সম্প্ৰচাৰত মাজতে ই-চিগাৰেট সেৱনৰ দৃশ্য কেমেৰাত বন্দী হয় আৰু মুহূৰ্ততে ছ’চিয়েল মিডিয়াই এই দৃশ্য ভাইৰেল হৈ পৰে।

ড্ৰেছিং ৰূমত ভেপিং কৰি শাস্তিৰ সন্মুখীন হ’ল ৰাজস্থান ৰয়েলছৰ অধিনায়ক ৰিয়ান পৰাগ। আইপিএলৰ খেলুৱৈ আৰু দলীয় আচৰণবিধিৰ লেভেল ১ ভংগ কৰাৰ বাবে ৰিয়ানক মেচ ফীৰ ২৫ শতাংশ জৰিমনা বিহাৰ লগতে এটা ডিমেৰিট পইণ্ট দিয়া হৈছে।

IPLৰ খেল চলি থকাৰ সময়তে ৰিয়ান পৰাগে ই-চিগাৰেট সেৱন কৰা IPLৰ আচৰণ বিধিৰ ২.২১ অনুচ্ছেদ উলংঘা কৰা বুলি বিবেচনা কৰা হৈছে আৰু ‘খেলক বদনাম কৰা আচৰণ’ৰ সৈতে জড়িত বুলি অভিহিত কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *