গোৱালপাৰাৰ লক্ষীপুৰ থানাত অঘটন।
থানাৰ ভিতৰৰ পৰাই কয়দীৰ পলায়ন।
থানাৰ খিৰিকীৰ গ্ৰীল ভাঙি পলায়ন কৰিবলৈ সক্ষম হয় দুর্ধর্ষ অপৰাধী৷
ধৃত হাজোতী দুটা হ’ল নবীৰ ৰহমান আৰু জানাতুল ফিৰদৌচ বুলি জানিব পৰা গৈছে।
ইতিমধ্যে দুই অপৰাধীত সন্ধানত লক্ষীপুৰ আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান ৷
আনহাতে থানাৰ ভিতৰৰ পৰা দুই বিচাৰাধীন হাজোতীৰ পলায়নক লৈ ক্ষুব্ধ হৈ পৰিছে আৰক্ষী উৰ্ধতম কৰ্তৃপক্ষ ৷