আজি পৱিত্ৰ মহালয়া; শক্তিপীঠ শ্ৰীশ্ৰী ঈশ্বৰী হাৰ্হি দেৱালয়ত পবিত্র মহালয়া উপলক্ষত দেৱী পূজন

আজি পৱিত্ৰ মহালয়া। ধৰাৰ বুকুলৈ নামি আহিছে দেৱী দুৰ্গা! দেৱীৰ মন্ত্ৰোচ্চাৰণেৰে মুখৰিত হৈ পৰিছে ৰাজ্য। চণ্ডীপাঠেৰে দুৰ্গতিনাশিনীক আৱাহন ৰাজ্যবাসীৰ। প্ৰেতপক্ষৰ সমাপ্তিত আজি আৰম্ভ হ’ল দেৱীপক্ষ।

উত্তৰ অসমৰ প্ৰধান শক্তিপীঠ ঢকুৱাখনাৰ ঐতিহ্যমণ্ডিত গোঁসানী থানত পবিত্ৰ মহালয়া উপলক্ষে শতিকা গৰকা পৰম্পৰা অনুসৰি পুৱাৰ পৰা আৰম্ভ হৈছে মহালয়াৰ পূজন অৰ্চনা।

আই গোঁসানীক দেউলীয়া গাঁৱৰ হাৰ্হি দেৱালয়ত প্ৰাণ প্ৰতিষ্ঠা কৰা ১৭২২ খ্ৰীষ্টাব্দৰ পৰা নিৰবিছিন্ন ভাবে দৈনন্দিন এই ঐতিহাসিক থানত দেৱী বন্দনা পূজা অৰ্চনাৰ ধাৰাবাহিকতা অক্ষুন্ন ৰখা আজি পবিত্ৰ মহালয়াৰ দিনা থান প্ৰাঙ্গনলৈ অগণন ভক্তৰ সমাগম ঘটিছে ।

ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰৰ পৰা দেৱীলৈ উৎসৰ্গিত “প্ৰসাদ” আজি পবিত্ৰ মহালয়াৰ দিনা অৰ্পণ কৰাৰ মানসেৰে ভক্ত সমাজৰ সমাগম ঘটা দৃষ্টিগোচৰ হয় ।

ঐতিহাসিক গোঁসানী থানৰ পুৰোহিত চন্দন বৰঠাকুৰে জনোৱা মতে পৰম্পৰা অনুসৰি আজি পবিত্ৰ মহালয়াৰ দিনা দেৱীক ধৰালৈ আগমনৰ দৈনন্দিন পূজন অৰ্চন কৰাৰ পাছত দেৱী গোঁসানীক হাঁহ ,,ছাগলী বলি দি ৰক্ত পূজন কৰা হয় । মহালয়াৰ দিনা সন্ধিয়া দেৱীক আৱাহনৰ পাছতে এটা হাঁহ বলিৰে অন্তিম পূজা প্ৰদান কৰা হব । ইয়াৰ সমান্তৰাল ভাৱে থান চৌহদত ১০১ গছি চাকি জ্বলাই দেৱী বন্দনাৰে দেৱী আদৰণি জনোৱা হব ।

Leave a Reply

Your email address will not be published. Required fields are marked *