নিযুত মইনা, নিযুত বাবু আঁচনিৰ ধন বিতৰণৰ দিন সলনি

দিন সলনি নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ ধন বিতৰণৰ ।

১২ অক্টোবৰত সলনি ১৫ অক্টোবৰত বিতৰণ কৰা হ’ব নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ ধন।। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সদৰী কৰিলে এই কথা

শিক্ষামন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি, ১২ অক্টোবৰৰ পৰিৱৰ্তে ১৫ অক্টোবৰত শিক্ষাৰ্থীসকলৰ মাজত দুয়োখন আঁচনিৰ ধন বিতৰণ কৰা হ’ব। এই উপলক্ষে আয়োজিত ধন বিতৰণ কাৰ্যসূচীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিজে উপস্থিত থাকিব। অৱশ্যে, কাৰ্যসূচীৰ স্থান আৰু সময় সম্পৰ্কে সবিশেষ তথ্য প্ৰকাশ কৰা হোৱা নাই।

এতিয়া ১৫ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া ধন বিতৰণ কাৰ্যসূচীক লৈ অপেক্ষা কৰিছে শিক্ষাৰ্থীসকলে। আঁচনি দুখনৰ অধীনত ধন লাভ কৰিবলগীয়া ছাত্ৰ-ছাত্ৰীসকলে নিৰ্ধাৰিত তাৰিখ আৰু সংশ্লিষ্ট বিভাগৰ পৰৱৰ্তী নিৰ্দেশনাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব।

Leave a Reply

Your email address will not be published. Required fields are marked *