আজিৰে পৰা বাণিজ্যিক চিলিণ্ডাৰৰ দাম হ্ৰাস

ৰন্ধন গেছৰ মূল্যবৃদ্ধিৰ মাজতে গ্ৰাহকৰ ভাল খবৰ। আজিৰে পৰা হ্ৰাস পালে চিলিণ্ডাৰৰ দাম। নতুনকৈ নিৰ্ধাৰণ কৰা চিলিণ্ডাৰৰ মূল্য আজিৰে পৰা সমগ্ৰ দেশতে কাৰ্যকৰী কৰা হৈছে।

উল্লেখ্য যে, ১৯ কিলোগ্ৰাম ওজনৰ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য একেলগে ১৮৩.৫০ টকা হ্ৰাস কৰা হৈছে। এই হ্ৰাসৰ ফলত হোটেল, ৰেষ্টুৰেণ্ট আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকল লাভান্বিত হ’ব। বাণিজ্যিক চিলিণ্ডাৰৰ সমান্তৰালভাৱে ৫ কিলোগ্ৰাম ওজনৰ সৰু চিলিণ্ডাৰৰ মূল্যও প্ৰতি চিলিণ্ডাৰত ১৩ টকাকৈ হ্ৰাস কৰা হৈছে।

যোৱা ১ মে’ৰ দিনা ১৯ কিলোগ্ৰাম ওজনৰ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ৯৯৩ টকা পৰ্যন্ত বৃদ্ধি কৰা হৈছিল। আনহাতে, যোৱা জুন মাহত সৰ্বসাধাৰণ গ্ৰাহকে ব্যৱহাৰ কৰা ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্যও ২৯ টকা বৃদ্ধি কৰা হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *