অৱশেষত সুকলমে উদ্ধাৰ কৰ্মসংস্থাপনৰ ভুৱা প্ৰলোভন দি বেংগালুৰুলৈ নি বিপদলৈ ঠেলি দিয়া শুৱালকুছিৰ শিক্ষাৰ্থীক

অৱশেষত সুকলমে উদ্ধাৰ সামাজিক মাধ্যমৰ বিজ্ঞাপনেৰে কৰ্মসংস্থাপনৰ ভুৱা প্ৰলোভন দি বেংগালুৰুলৈ নি বিপদলৈ ঠেলি দিয়া শুৱালকুছিৰ শিক্ষাৰ্থীক

আৰক্ষী আৰু পৰিয়ালৰ যৌথ প্ৰচেষ্টাত সুকলমে উদ্ধাৰ যুৱতীগৰাকীক।

প্ৰাপ্ত তথ্য অনুসৰি, মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্ৰীগৰাকীয়ে পৰিয়ালক আৰ্থিকভাৱে সহায় কৰাৰ বাবে ছ’চিয়েল মিডিয়াৰ এটা বিজ্ঞাপন প্ৰত্যক্ষ কৰি এজন অজ্ঞাত যুৱকৰ সৈতে যোগাযোগ কৰিছিল। অভিযুক্ত যুৱকজনে সুন্দৰ কৰ্মসংস্থাপন দিয়াৰ মিছা প্ৰতিশ্ৰুতি দি চাতুৰীৰে ছাত্ৰীগৰাকীক মহাবিদ্যালয়ৰ পৰাই প্ৰত্যক্ষভাৱে উৰাজাহাজযোগে বেংগালুৰুলৈ লৈ যায়।

বেংগালুৰুত উপস্থিত হোৱাৰ পিছত যুৱতীগৰাকীয়ে উল্লেখ কৰা ধৰণৰ কোনো সংস্থাপন লাভ নকৰিলে। কেৱল সেয়াই নহয়, বিপদৰ গোন্ধ পাই তেওঁ ততালিকে কৌশলৰে ঘৰৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰিবলৈ সক্ষম হয়।

আনহাতে,পৰিয়ালে ছাত্ৰীগৰাকী বিপদত পৰাৰ খবৰ পোৱাৰ লগে লগে শুৱালকুছি আৰক্ষী থানাত লিখিতভাৱে সহায় বিচাৰে। ঘটনাৰ গুৰুত্ব বুজি শুৱালকুছি আৰক্ষীয়ে বেংগালুৰু আৰক্ষী তথা স্থান নিৰ্ধাৰণ প্ৰযুক্তিৰ সহায় লৈ ক্ষিপ্ৰতাৰে পদক্ষেপ গ্ৰহণ কৰে।

আৰক্ষী আৰু পৰিয়ালৰ যৌথ সমন্বয়ৰ ফলত সুৰক্ষিতভাৱে যুৱতীগৰাকীক বেংগালুৰুৰ পৰা উদ্ধাৰ কৰি নিজ ঘৰলৈ ওভোটাই অনা হয়। সামাজিক মাধ্যমৰ অজান পৰিচয়ী ব্যক্তি তথা অনিশ্চিত বিজ্ঞাপনৰ প্ৰতি ৰাইজক সজাগ হ’বলৈ আৰক্ষী প্ৰশাসনে সকীয়াই দিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *