অন্ত পৰিল অম্বুবাচী মহাযোগৰ;পুৱাই কামাখ্যা মন্দিৰ দৰ্শন ৰাজ্যপালৰ

অন্ত পৰিল অম্বুবাচী মহাযোগৰ। নিশা ১২ বাজি ২ মিনিট ১৩ ছেকেণ্ডত অম্বুবাচীৰ নিবৃত্তি । সূৰ্যোদয়ৰ পাছত দেৱীৰ স্নান, নিত্য পূজাৰ পাছত খুলি দিয়া হ’ল মন্দিৰৰ দুৱাৰ।

অম্বুবাচীৰ নিবৃত্তিৰ পিছতে মা কামাখ্যাৰ আশিৰ্বাদ ল’বলৈ কামাখ্যাধামত ভিৰ কৰিছে লাখ লাখ ভক্তই।

শুকুৰবাৰে পুৱাই কামাখ্যা মন্দিৰ দৰ্শন কৰে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ৷ পুৱাতেই ভক্তৰ ৰূপত নীলাচল পাহাৰত দেখা যায় ৰাজ্যপালগৰাকীক ৷

কামাখ্যা মন্দিৰত সেৱা জনোই সংবাদ মাধ্যমৰ আগত নিজৰ মনৰ ভাৱ ব্যক্ত কৰে ৷

ৰাজ্যপালগৰাকীয়ে কয়, “এই শুভ অনুষ্ঠানৰ পৰা মই ৰাজ্যবাসীলৈ বহুত অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ ৷ মই সুখী যে লাখ লাখ লোকে মা কামাখ্যাক সেৱা জনাবলৈ আহিছে, আৰু সকলোৱে মা কামাখ্যাৰ চৰণত আশিস গ্ৰহণ কৰিছে । প্ৰশাসনে সকলোকে দৰ্শনৰ বাবে সুসংগঠিত ব্যৱস্থা কৰিছে ।’’।লগতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নোহোৱাকৈ অম্বুবাচীৰ অন্ত পৰাত প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰিছে ৰাজ্যপালে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *