অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সৰ্বসাধাৰণ ৰাইজক।
যাৰ ফলত এতিয়া সাধাৰণ মানুহৰ জনজীৱন ব্যাহত হৈ পৰিছে।
অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি প্ৰতিবাদত আজি সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাই ৰূপায়ণ কৰে বিক্ষোভ কাৰ্যসূচী।
সংগঠনটোৰ প্ৰতিবাদত আজি উত্তাল পৰিৱেশৰ সৃষ্টি হয় যোৰহাটত।
অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ নকৰিলে ছাত্ৰ সন্থাই আৰু অধিক গণতান্ত্ৰিক কাৰ্য্যসূচী ৰূপায়ণ ৰ হুংকাৰ দিছে।