যোৰহাটত আনুষ্ঠানিকভাৱে মুকলি হ’ল ‘ৰচকী’ৰ নতুন হস্ততাঁত উদ্যোগ

পৰম্পৰাগত হস্ততাঁত শিল্পক প্ৰসাৰিত কৰা আৰু থলুৱা শিপিনী তথা শিল্পীসকলক স্বাৱলম্বী কৰি তোলাৰ লক্ষ্যৰে যোৰহাটত আৰম্ভ কৰা হ’ল ‘ৰচকী’ নামৰ এক নতুন হস্ততাঁত উদ্যোগ। ‘মৃত্তিকা’ৰ এক গোট হিচাপে আৰম্ভ কৰা এই উদ্যোগটোৰ জৰিয়তে অসমৰ চহকী বস্ত্ৰশিল্প আৰু পৰম্পৰাগত বয়নশিল্পক নতুন ৰূপত আগবঢ়াই নিয়াৰ প্ৰয়াস কৰা হৈছে।

এই উপলক্ষে ১১ অক্টোবৰ, দেওবাৰে যোৰহাটৰ পুলিবৰৰ ভাটেমৰা পথত অনুষ্ঠিত হয় ‘ৰচকী’ৰ উদ্বোধনী অনুষ্ঠান। অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, যোৰহাট বিজেপিৰ সভাপতি শান্তনু পূজাৰী, যুৱ নেতা অংকুৰ বৰুৱা, শিক্ষয়িত্ৰী জিতা বৰুৱাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি।

অসমৰ পৰম্পৰাগত বয়নশিল্পৰ সৈতে আধুনিকতাৰ সংমিশ্ৰণ ঘটাই হস্ততাঁতজাত সামগ্ৰীৰ এক নতুন বজাৰ সৃষ্টি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ‘ৰচকী’য়ে। এই পদক্ষেপে থলুৱা শিল্পী আৰু শিপিনীসকলৰ কৰ্মসংস্থাপনৰ সুযোগ বৃদ্ধি কৰাৰ লগতে অসমৰ চহকী সাংস্কৃতিক ঐতিহ্য সংৰক্ষণতো অৰিহণা যোগাব বুলি আশা প্ৰকাশ কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *