বহলপুৰ দলঙত ভয়ংকৰ পথ দুৰ্ঘটনা।
ধুবুৰী আৰু বঙাইগাঁও জিলাৰ সীমান্তৱৰ্তী বহলপুৰ দলঙত নিশা প্ৰায় ১২ বজাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা।
নিশাৰ ১২ বজাত তীব্ৰ বেগত অহা ছাইভৰ্তি এখন ডাম্পাৰ আৰু এখন ট্ৰাকৰ মাজত সংঘটিত হয় প্ৰচণ্ড মুখামুখি সংঘৰ্ষ।
এই ভয়ংকৰ সংঘৰ্ষৰ ফলত আহত হয় ডাম্পাৰখনৰ চালকজন।
দুৰ্ঘটনাগ্ৰস্ত ডাম্পাৰখনৰ পঞ্জীয়ন নম্বৰ HR58F0321। আনহাতে, ট্ৰাকখনৰ পঞ্জীয়ন নম্বৰ BR01GP5546।
বহলপুৰ দলঙৰ ওপৰত নিশা সংঘটিত এই দুৰ্ঘটনাই পুনৰ এবাৰ উন্মোচন কৰিছে পথ সুৰক্ষাৰ গুৰুত্ব।
কিন্তু কেনেকৈ সংঘটিত হ’ল এই ভয়ংকৰ দুৰ্ঘটনা? দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।