যোৰহাট কাণ্ডৰ মূল অভিযুক্ত অংকিত দাসক গ্ৰেপ্তাৰ

যোৰহাট আৰক্ষীৰ জালত পৰিল যোৰহাট কাণ্ডৰ অন্যতম অভিযুক্ত অংকিত দাস। যোৰহাট সদৰ আৰক্ষীৰ এটা দলে গ্ৰেপ্তাৰ কৰে অংকিত দাসক । গ্ৰেপ্তাৰৰ পিছত অংকিত দাসক আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে।

উল্লেখ্য যে, যোৰহাটৰ ৰহস্যজনক মৃত্যুৰ পিছতে পলায়ন কৰি আছিল অংকিত দাসে। আজি যোৰহাটৰ মিলন নগৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত অংকিত দাসক। যোৰহাটৰ মাছৰহাটত ঘৰ অংকিত দাসৰ।যোৰহাট কাণ্ডৰে নাম সাঙোৰ খোৱা ৪ অভিযুক্তক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিছে। মঙলবাৰে প্ৰথমে ২ যুৱতীক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে তাৰ পিছতে মূল অভিযুক্ত আৰিয়ান গোস্বামীক গ্ৰেপ্তাৰ কৰিছিল যোৰহাট আৰক্ষীয়ে।

উল্লেখ্য যে অংকিত দাসৰ পৰা মৃত যুৱতীগৰাকীয়ে ড্ৰাগছ ক্ৰয় বুলি অভিযোগ উত্থাপন কৰিছিল গ্ৰেপ্তাৰ হোৱা ২ যুৱতীয়ে। বুধবাৰে সংবাদ মাধ্যমৰ আগত এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল ২ যুৱতীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *