বৃহস্পতিবাৰে নতুন দিল্লীত প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ সাম্প্ৰতিক পৰিস্থিতি, বানৰ পাছত গ্ৰহণ কৰিবলগীয়া পুনৰ্নিৰ্মাণমূলক পদক্ষেপ সন্দৰ্ভত বিস্তৃত আলোচনা কৰে
সাক্ষাৎকালত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰীৰ পৰা আশীৰ্বাদ আৰু ‘মাৰ্গদৰ্শন’ গ্ৰহণ কৰে। অসমৰ বান পৰিস্থিতিৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্যক্তিগতভাৱে পৰিস্থিতিৰ ওপৰত নিৰন্তৰ নজৰ ৰখা আৰু ৰাজ্য চৰকাৰৰ সৈতে যোগাযোগ অব্যাহত ৰখাৰ বাবে মুখ্যমন্ত্ৰীয়ে কৃতজ্ঞতা প্ৰকাশ কৰে।
প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা আলোচনাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বানপীড়িত অঞ্চলসমূহ পুনৰ্নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পৰিকল্পনাৰ বিষয়ে অৱগত কৰে। ক্ষতিগ্ৰস্ত আন্তঃগাঁথনি পুনৰ নিৰ্মাণ, বানপীড়িত পৰিয়ালসমূহক পুনৰ সংস্থাপন, কৃষি আৰু অন্যান্য জীৱিকাৰ ক্ষেত্ৰত হোৱা ক্ষতিপূৰণ তথা জনজীৱন পুনৰ স্বাভাৱিক কৰাৰ বাবে পৰৱৰ্তী পৰ্যায়ত চৰকাৰে গ্ৰহণ কৰিবলগীয়া পদক্ষেপৰ বিষয়েও বৈঠকত আলোচনা কৰা হয়।
ইয়াৰ সমান্তৰালভাৱে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসম চৰকাৰৰ প্ৰথম ১০০ দিনৰ কাম-কাজৰ বিষয়েও প্ৰধানমন্ত্ৰীক অৱগত কৰে। জনসাধাৰণক দিয়া প্ৰতিশ্ৰুতি পূৰণৰ লক্ষ্যৰে চৰকাৰে এই সময়ছোৱাত গ্ৰহণ কৰা বিভিন্ন গুৰুত্বপূৰ্ণ পদক্ষেপ, উন্নয়নমূলক আঁচনি আৰু প্ৰশাসনিক উদ্যোগৰ বিষয়ে তেওঁ প্ৰধানমন্ত্ৰীৰ সৈতে আলোচনা কৰে।