মটৰচাইকেলত খুন্দা টিয়াগ’ বাহনৰ;থিতাতে নিহত এজন,আহত এজন

চৰাইদেউৰ লাকুৱাত ভয়ংকৰ দুৰ্ঘটনা। টাটা টিয়াগ’ বাহনৰ খুন্দাত থিতাতে নিহত এজন লোক। নিহত লোকজন চৰাইদেউৰ লাকুৱা চাৰিমুঠীয়া ১নং কোঁৱৰ গাঁৱৰ জীতেন ৰাজকোঁৱৰ বুলি জানিব পৰা গৈছে।দুৰ্ঘটনাত গুৰুতৰবাৱে আহত হয়
প্ৰিন্স ৰাজকোঁৱৰ নামৰ এজন লোক।নিহত জীতেন ৰাজকোঁৱৰ আৰু প্ৰিন্স ৰাজকোঁৱৰ আছিল একেখন মটৰচাইকেলত৷

প্ৰথমে মটৰচাইকেলত খুন্দা মৰাৰ পিছত টাটা টিয়াগ’ খনে খুন্দা মাৰে অন্য এখন ৰখাই থোৱা মাৰুটি চুইফট ডিজায়াৰ বাহনত৷ দূৰ্ঘটনাগ্ৰস্ত টাটা টিয়াগ’ বাহন খনৰ নম্বৰ AS04Y8595,মটৰ চাইকেলখনৰ নম্বৰ AS04S3693, চুইফট ডিজায়াৰ খনৰ নম্বৰ AS33B4300৷ দূৰ্ঘটনাগ্ৰস্ত টাটা টিয়াগ’ বাহনখনৰ পৰা উদ্ধাৰ হৈছে এটা ড্ৰাগছ লোৱাৰ চিৰিঞ্জ৷ ইয়াকে লৈ উত্তপ্ত পৰিছে লাকুৱাৰ চাৰিমুঠীয়াত৷

বৰ্তমান প্ৰিঞ্চ ৰাজকোঁৱৰৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *