বৃহত্তৰ লেহুগাঁও ৰাস মহোৎসৱৰ লাইখুঁটা স্থাপন…

হৰিনামৰ ধ্বনি আৰু আধ্যাত্মিক পৰিৱেশেৰে মুখৰিত বিশ্বনাথৰ বৰহমথুৰি বাকৰি। উত্তৰ অসমৰ অন্যতম বৃহৎ মুকলি ৰাস তথা ৰূপালী জয়ন্তী বৰ্ষৰ দিশে আগবঢ়া ‘বৃহত্তৰ লেহুগাঁও সাৰ্বজনীন ৰাস মহোৎসৱ’ৰ প্ৰস্তুতি তুংগত

অহা ২১ নৱেম্বৰৰ পৰা পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া এই ৰাস মহোৎসৱৰ আজি পবিত্ৰ ধৰ্মীয় ৰীতি-নীতি আৰু গায়ন-বায়নৰ খোল-তাল, আইমাতৃৰ উৰুলি তথা দবা-শংখৰ মংগলধ্বনিৰে লাইখুঁটা প্ৰতিষ্ঠা কৰা হয়।

বৰহমথুৰি বাকৰিত অনুষ্ঠিত এই গাম্ভীৰ্যপূৰ্ণ লাইখুঁটা স্থাপনৰ অনুষ্ঠানতে ৰাস মহোৎসৱটিৰ মূল শীৰ্ষ গীতটিও আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়।ৰাস মহোৎসৱৰ এই গুৰুত্বপূৰ্ণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশ্বনাথ সমষ্টিৰ বিধায়ক পল্লৱ লোচন দাস।

বিধায়কগৰাকীয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাস মহোৎসৱখনিৰ সৰ্বাংগীং সফলতা কামনা কৰাৰ লগতে ৰাইজৰ পূৰ্ণ সহযোগিতা আৰু উপস্থিতি আন্তৰিকতাৰে কামনা কৰে। বৰ্তমান ৰাস মহোৎসৱক সফল কৰি তুলিবলৈ উদযাপন সমিতিৰ লগতে স্থানীয় ৰাইজেও ব্যাপক প্ৰস্তুতি চলাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *