বটদ্ৰৱা থানৰ নিয়মীয়া ভকত, নামলগোৱা প্ৰিয়ৰাম বৰুৱাৰ দেহাৱসান।
জানিব পৰা মতে, প্ৰিয়ৰাম বৰুৱাই ১৫ এপ্ৰিলৰ দিনা বটদ্ৰৱা থানৰ নিত্য নৈমিত্তিক প্ৰসংগৰ পৰা ওভতি অহাৰ পথত নিজ পদূলিতে তীব্ৰ গতিৰে অহা এখন এএছ ০২ এ এক্স ২৮৩১(as 02 a x 2831)নম্বৰৰ পালচাৰ বাইকে প্ৰচণ্ড জোৰেৰে খুণ্ডা মাৰে।
দুৰ্ঘটনাত ভকত গৰাকীৰ গুৰুতৰভাবে আঘাতপ্রাপ্ত হয়। লগে লগে পৰিয়ালৰ লোকে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰাই যদিও অৱশেষত সোমবাৰে নিশা ভকত গৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে।
সৰবৰহী, হাস্যমুখী গুৰুজনাৰ একান্ত সেৱক গৰাকীৰ বিয়োগত বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি অম্লান জ্যোতি দেৱ গোস্বামী, উপসভাপতি যোগেন্দ্ৰ নাৰায়ণ দেৱ মহন্ত, কাৰ্যকৰী সভাপতি গোবিন চন্দ্ৰ দাস, সাধাৰণ সম্পাদক লাচিত বৰদলৈ, বটদ্ৰৱা থানৰ ভকত বৈষ্ণৱ, আইমাতৄ সকলে গভীৰ শোক প্ৰকাশ কৰিছে।