গ্ৰেপ্তাৰ মঠঘৰীয়াৰ ভয়ংকৰ পথ দুৰ্ঘটনাৰে জড়িত গাড়ী চালক ছামিম আহমেদক

মঠঘৰীয়াৰ ভয়ংকৰ পথ দুৰ্ঘটনাৰে জড়িত গাড়ী চালক ছামিম আহমেদক গ্ৰেপ্তাৰ। নিশা ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি নুনমাটি থানালৈ প্ৰেৰণ কৰে ছামিমক।

উল্লেখ্য যে, দুৰ্ঘটনা সংঘটিত কৰিয়ে উক্ত স্থানৰ পৰা পলায়ন কৰিছিল ছামিমে। পলায়ন কৰাৰ পিছত ছামিমৰ ফোন বন্ধ হৈ আছিল। কিন্তু যোৱা ২৭এপ্ৰিলত ছামিমে ফোন অন কৰিছিল আৰু ডিব্ৰুগড় বিমান বন্দৰৰ সমীপত অৱস্থিতি ধৰা পেলাইছিল আৰক্ষীয়ে। তাৰ পিছতে ছামিমক গ্ৰেপ্তাৰ কৰা হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *