পিছুৱাই দিয়া হ’ব ছমহীয়া পৰীক্ষা।
পূৰ্বনিৰ্ধাৰিত সময়ত অনুষ্ঠিত নহয় ছমহীয়া পৰীক্ষা।
নগাঁৱৰ উপ-নিৰ্বাচনক লৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে ASSEBয়ে।
বিদ্যালয় পৰিদৰ্শকে এক নিৰ্দেশনাযোগে জনাইছে এই কথা।
হাইস্কুল, উচ্চতৰ মাধ্যমিক বিদ্যালয়, কনিষ্ঠ মহাবিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ এই মাহত অনুষ্ঠিত হ’বলগীয়া ছমহীয়া পৰীক্ষা পিছুৱাই দিয়া হৈছে।
নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছমহীয়া পৰীক্ষাৰ তাৰিখ পৰৱৰ্তী সময়ত ঘোষণা কৰা হ’ব।
উল্লেখযোগ্য যে ৬ অক্টোবৰত নগাঁও লোকসভা সমষ্টিৰ বাবে অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন। ৯ অক্টোবৰত ঘোষণা হ’ব নিৰ্বাচনৰ ফলাফল।