বঙাইগাঁও জিলাৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ শাকতোলাত ভয়ংকৰ পথ দুৰ্ঘটনা।
AS 15 F 0151 নম্বৰৰ এখন তীব্ৰবেগী i10 গাড়ীয়ে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ ৰেলিঙত খুন্দা মাৰে ফলত দুৰ্ঘটনাত থিতাতে নিহত হয় এগৰাকী মহিলা আৰু গুৰুতৰভাৱে আহত হয় এগৰাকী পুৰুষ।
নিহত মহিলা গৰাকী বৰপেটা জিলাৰ সোৰভোগ কলিতাপাৰাৰ দীপালী বালা দাস(৬০) আৰু আহত পুৰুষ জন ৰঞ্জন কুমাৰ দাস(৬৫)।বুলি জানিব পৰা গৈছে।
বঙাইগাঁওৰ পৰা সোৰভোগ কলিতাপাৰাৰ নিজ বাসগৃহত গৈ থকা অৱস্থাত হঠাৎ নিয়ন্ত্ৰণ হেৰুৱাই পথ দুৰ্ঘটনাটো সংঘটিত হয়।
আৰক্ষীৰ লগতে স্থানীয় ৰাইজে দুয়োকে বঙাইগাঁওৰ ল’ৱাৰ অসম হাস্পতালত প্ৰেৰণ কৰে যদিও চিকিৎসকে দীপালী বালা দাসক মৃত বুলি ঘোষণা কৰে।
আহত ৰঞ্জন কুমাৰ দাস সম্প্ৰতি হাস্পতালত চিকিৎসাধীন হৈ আছে।