ঢকুৱাখনাৰ ঐতিহ্যমণ্ডিত ফাটবিহুৰ আজি দ্বিতীয় দিন

ঢকুৱাখনাৰ ঐতিহ্যমণ্ডিত ফাটবিহুৰ আজি দ্বিতীয় দিন।

পুৱা কপৌফুল ৰোপণ আৰু গামোছা প্ৰতিযোগিতাৰে আৰম্ভ হৈছে দ্বিতীয় দিনা কাৰ্যসূচী।

ইয়াৰ পাছতে ঢকুৱাখনাৰ স্থানীয় শিপিনীয়ে তাঁতশালত নিজ হাতে বোৱা হেঁপাহৰ ভিন্ন জাতি জনজাতিৰ গামোছা প্ৰদৰ্শনেৰে অনুষ্ঠিত হৈছে গামোছা প্ৰতিযোগিতা।

ইয়াৰ পাছত ফাটবিহুৰ দ্বিতীয় দিনা চাৰিকড়ীয়াৰ পাৰৰ ম’হঘূলি চাপৰিত ফাটবিহু তলীত ভাৰতৰত্ন সুধাকন্ঠ ড০ ভূপেন হাজৰিকা আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন কৰে।

প্ৰতিমূৰ্তি দুটি উন্মোচন কৰে ক্ৰমে যোৰহাট জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ জ্যোতিপ্ৰসাদ শইকীয়া আৰু বিশিষ্ট বাদ্যশিল্পী ৰাজা বৰুৱাই। প্ৰতিমূৰ্তি দুটা নিৰ্মাণ কৰিছে ভাস্কৰ শিল্পী চন্দন গগৈয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *