নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ পুনৰ সফল অভিযান

নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ পুনৰ সফল অভিযান।

শিলচৰ আৰক্ষী থানাৰ অধীনস্থ দুদপাটিল অঞ্চলত মঙলবাৰে অভিযান চলাই এখন বাহনৰ পৰা এই সামগ্ৰীসমূহ জব্দ কৰে।

মিজোৰামৰ পৰা গুৱাহাটীলৈ যোৱা বাহনখনৰ গোপন কোঠালিত এই সামগ্ৰীখিনি ৩০টা চাবোনৰ বাকচত লুকুৱাই অনা হৈছিল।

ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত দিলদাৰ হুছেইন, নজৰুল হুছেইন , জচিম উদ্দিন নামৰ তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। জব্দ কৰা সামগ্ৰীখিনিৰ বজাৰ ২ কোটিৰো অধিক হব বুলি আৰক্ষীয়ে জানিবলৈ দিছে। 

Leave a Reply

Your email address will not be published. Required fields are marked *