বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে নাঙলভাঙা নৈৰ ওপৰত দলং নিৰ্মানৰ আধাৰশিলা স্থাপন কৰে

বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে আজি চিৰাঙৰ ভূটান সীমান্তৰ আমগুৰি-ঔগুৰি সংযোগী নাঙলভাঙা নৈৰ ওপৰত দলং নিৰ্মানৰ আধাৰশিলা স্থাপন কৰে।

অসম মালা আঁচনিৰ অধিনত ৬১.৭০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মান হবলগীয়া দলঙৰ আধাৰশিলা স্থাপন কৰি মহিলাৰীয়ে বিধান সভা নিৰ্বাচনৰ পূৰ্বেই বিপিএফ দলৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি যিমান সম্ভৱ পূৰণৰ চেষ্টা কৰা হব বুলি সদৰী কৰে।

অনুষ্ঠানত পাৰিষদ জেমচ বসুমতাৰীৰ লগতে বহকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। 

Leave a Reply

Your email address will not be published. Required fields are marked *