নিচাজাতীয় সামগ্ৰীসহ আটক ইছলাম মল্লি আৰু চাহিন মল্লিক

ৰাজ্যত অব্যাহত আছে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে তীব্ৰ অভিযান।

অভিযান সময়ত নগাঁও চহৰৰ অমৃত কাননৰ সমীপত আৰক্ষীয়ে চলোৱা এক অভিযানত জব্দ কৰে প্ৰায় ৩৫.৫ গ্ৰাম ওজনৰ নিচাজাতীয় সামগ্ৰী।

গোপন সূত্ৰৰ পম খেদি আৰক্ষীৰ দলটোৱে চলোৱা এই অভিযানত দুই সৰবৰাহকাৰীকো আটক কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে, আটক কৰা সৰবৰাহকাৰী দুটা ফৌজদাৰীপট্টি অঞ্চলৰ ইছলাম মল্লি আৰু চাহিন মল্লি বুলি চিনাক্ত কৰা হৈছে। সৰবৰাহকাৰী দুটাই অবৈধ সামগ্ৰীখিনি সৰবৰাহৰ বাবে ব্যৱহাৰ কৰা AS 02 R 7625 নম্বৰৰ এখন স্কুটিও আৰক্ষীয়ে জব্দ কৰিছে। বৰ্তমান ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অধিক তদন্ত অব্যাহত ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *