নগাওঁ ননৈত হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন।
এক গাম্ভীয্যপূৰ্ণ অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী কৃষ্ণমণি নাথ আৰু কে কে খ্যাত সিদ্ধাৰ্থ শৰ্মাই উন্মোচন কৰে প্ৰতিমূৰ্তি।
প্ৰতিমূৰ্তি উন্মোচনৰ প্ৰাকক্ষণত জুবিন গাৰ্গৰ প্রিয় নাহৰ পুলি ৰোপণ কৰে।
বৃহত্তৰ ননৈ অঞ্চলৰ জুবিন বন্ধু সকলৰ উদ্যোগত ননৈ বাৰগঞা মন্দিৰ প্ৰাংগণত এক পূৰ্ণাংগ মূৰ্তি প্ৰতিষ্ঠা কৰে।
দিনজোৰা কাৰ্য্যসূচীৰে আয়োজন কৰা অনুষ্ঠানত জুবিন গাৰ্গক বিষয় বস্তু হিচাপে চিত্ৰাংকণ, কবিতা আবৃত্তি, থিতাতে লিখা কবিতা প্ৰতিযোগিতা আদি অনুষ্ঠিত হয়।
আনহাতে এই অনুষ্ঠানৰ মাজতে দেৱবাদ্য বজাই ঈশ্বৰৰ ওচৰত জুবিন গাৰ্গৰ হৈ প্ৰাৰ্থনা জনোৱাৰ লগতে সকলোৱে মায়াবিনী গীত পৰিবেশন কৰে।