তিতাবৰত আৰক্ষীৰ অভিযানত জব্দ বুজন পৰিমাণৰ গাঞ্জা

তিতাবৰত আৰক্ষীৰ অভিযান। অভিযানত বুজন পৰিমাণৰ গাঞ্জাসহ দুই সৰবৰাহকাৰীক আটক।

শিলচৰ তিনিচুকীয়া উজনিমুৱা ব্ৰহ্মপুত্ৰ এক্সপ্ৰেছত শিলচৰৰ পৰা আনিছিল গাঞ্জাখিনি ।

DSP কৰ্ণৱ পাটোৱাৰীৰ নেতৃত্বত চলা অভিযানত জব্দ কৰে গাঞ্জাখিনি।

গাঞ্জাসহ আটক কৰা দুই সৰহবৰাহকাৰী ক্ৰমে টোকলাই তৰুণ নগৰৰ নিপেন দাস আৰু যোৰহাট ৰজাবাৰীৰ ৰিয়াজুল হুছেইন বুলি জানিব পৰা গৈছে।

ব্ৰহ্মপুত্ৰ এক্সপ্ৰেছৰ পৰা তিতাবৰ ষ্টেচনত নামি যোৰহাটলৈ যাবলৈ লওতেই তিতাবৰ চাৰি আলিত আৰক্ষীয়ে ৯ পেকেট গাঞ্জাসহ আটক কৰে দুয়োকে। গাঞ্জা খিনিৰ ওজন প্ৰায় ১৯ কেজি। ইয়াৰ বজাৰ মূল্য প্ৰায় ২০ লাখ টকা বুলি সদৰি কৰে আৰক্ষীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *