শ শ বছৰৰ পিছত তেজপুৰত আকৌ ‘হৰি -হৰ যুদ্ধ’ । ।মহা প্ৰতাপী বাণ ৰজাৰ গৰ্জন আকৌ প্ৰত্যক্ষ কৰিলে হেজাৰ হেজাৰ লোকে ।মহাদেৱ শিৱ অৰ্থাৎ হৰ আৰু হৰি শ্ৰীকৃষ্ণৰ ফৈদৰ মাজত হোৱা তয়া-ময়া যুদ্ধ প্ৰত্যক্ষ কৰি বীৰ ৰসত ডুব গ’ল কেবা সহস্ৰাধিক জনতা ।
ঊষা -অনিৰুদ্ধৰ প্ৰণয় গাঁথা প্ৰত্যক্ষ কৰি পুণৰ ৰোমান্টিক হৈ পৰিল ঊষা নগৰীৰ জনতা ।পিছে এইবাৰ এই ‘হৰি -হৰ যুদ্ধ’ লাগিল তেজপুৰৰ চিকিৎসক ৰূপী শ্ৰীকৃষ্ণ ,মহাদেৱ শিৱ ,বাণ ৰজা আৰু এই যুদ্ধৰ সৈতে জড়িত হৈ থকা সকলো চৰিত্ৰৰ মাজত। ।
তেজপুৰৰ জ্যেষ্ঠ-কনিষ্ঠ ,পুৰুষ -মহিলা সকলো চিকিৎসকে শনিবাৰে নিশা চামিল হ’ল এই ‘হৰি -হৰ যুদ্ধ’ ক কেন্দ্ৰ কৰি। ।
তেজপুৰৰ ৩২ গৰাকী পুৰুষ -মহিলা চিকিৎসকে ভিন্ন চৰিত্ৰ ৰূপায়ন কৰি শনিবাৰে নিশা ‘হৰি -হৰ যুদ্ধ’ ভাওনাৰে জীপাল কৰি তুলিলে মাজগাঁৱৰ হিলবিলি বিবাহ ভৱন প্ৰাংগন।
তেজপুৰৰ ঐতিহ্যক মহিমামণ্ডিত কৰা ‘হৰি হৰ যুদ্ধ’ক কেন্দ্ৰ কৰি নিশা নষ্টালজিক হৈ পৰিল আবাল বৃদ্ধ বনিতা।
উল্লেখ্য যে তেজপুৰৰ প্ৰগতিশীল চিকিৎসক শিল্পী সমাজ আৰু ভাৰতীয় চিকিৎসা তেজপুৰ শাখাৰ উদ্যোগত কালি নিশা মাজগাঁও হিলবিলি বিবাহ ভৱনত অনুষ্ঠিত হয় ‘হৰি -হৰ যুদ্ধ’ নামৰ এখন ভাওনা ।
সূত্ৰধাৰ ৰূপী তেজপুৰৰ দ-পৰ্বতীয়াৰ সত্ৰীয়া শিল্পী দিলীপ বৰাৰ নিৰ্দেশনা আন সত্ৰীয়া শিল্পী সকলৰ পৰিচালনাৰে নিবেদন হোৱা ভাওনাখনত তেজপুৰৰ প্ৰবীণ বিশিষ্ট চিকিৎসক ডাঃ প্ৰদীপ কুমাৰ শৰ্মাই ব্ৰহ্মাৰ চৰিত্ৰ ৰূপায়ন কৰাৰ লগতে ভাৰতীয় চিকিৎসা সেৱা সন্থাৰ অসম ৰাজ্যিকৰ সভাপতি তথা বিশিষ্ট চিকিৎসক ডাঃ সত্যজিৎ বৰাই ৰূপায়ণ কৰে শিৱৰ চৰিত্ৰ ,জনপ্ৰিয় শিশু ৰোগ বিশেষজ্ঞ ডাঃ ৰূপম দাসে অতি সাৱলীলভাৱে ৰূপায়ণ কৰে শ্ৰীকৃষ্ণৰ চৰিত্ৰ ,চিকিৎসক ডাঃ দ্বিপেন মহন্তই ৰূপায়ণ কৰে বাণ ৰজাৰ চৰিত্ৰ ,বাণৰ সেনাপতি প্ৰসেনজিতৰ চৰিত্ৰ ৰূপায়ন কৰে সৰবৰহী চিকিৎসক ডাঃ অতুল কুমাৰ কলিতাই ,আই ভাগৱতী চৰিত্ৰ ৰূপায়ন কৰে ডা০ অঞ্জুমণি চেতিয়াই ,পাৰ্বতীৰ চৰিত্ৰ ৰূপায়ন কৰে ডা০ অৰ্চনা দাসে ,বলোভদ্ৰৰ চৰিত্ৰ ৰূপায়ন কৰে ডা০ পিনাকী ৰাজ কলিতাই ,ইন্দ্ৰৰ চৰিত্ৰ ৰূপায়ন কৰে ডা০ ৰঞ্জন কুমাৰ মহন্তই ,সেইদৰে ডা০ অংকুমণি বৰুৱাই ৰূপায়ণ কৰে অনিৰুদ্ধৰ চৰিত্ৰ ,ডাঃ কশ্মিতা ভট্টাচাৰ্য্যই ৰূপায়ণ কৰে ঊষাৰ চৰিত্ৰ ,বিশিষ্ট গল্পকাৰ ডা০ ৰাণা মুকুট কেওঁটে ৰূপায়ণ কৰে বিশ্বকৰ্মাৰ চৰিত্ৰ ,বিশিষ্ট স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাঃ পলাশমণি কেওঁটে ৰূপায়ণ কৰে নাৰদৰ চৰিত্ৰ , মেডিচিন বিশেষজ্ঞ ডাঃ পিয়ুজ আগৰৱালাই ভাওনাখনত ৰূপায়ণ কৰে ইন্দ্ৰসেনৰ চৰিত্ৰ ।
ভাওনাখনৰ ৩২ টা চৰিত্ৰ ৰূপায়ন কৰা পুৰুষ মহিলা চিকিৎসক সকলে নিজৰ নিজৰ চৰিত্ৰত প্ৰাণখুলি অভিনয় কৰি নিজৰ ব্যস্ততাপূৰ্ণ জীৱন শৈলীৰ মাজতো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টিৰ লগতে তেজপুৰক মহিমামণ্ডিত কৰি ৰখা কাহিনীক নতুন প্ৰজন্মৰ মাজত পুনৰ প্ৰাসংগিক কৰি তোলাৰ প্ৰয়াসক সকলোৱে শলাগ লোৱা দেখা যায়