চুবুৰীয়া ৰাজ্য মনিপুৰত নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে বৃহৎ সফলতা অসম ৰাইফলছ আৰু মণিপুৰ আৰক্ষীৰ।
কাছাৰ সীমান্তৱৰ্তী মনিপুৰৰ জিৰিবাম জিলাৰ টুপিধাৰ অঞ্চলত বৰাক নৈত অভিযান চলাই অসম ৰাইফলছ আৰু মণিপুৰ আৰক্ষীয়ে বুজন পৰিমাণৰ নিচাজাতীয় য়াবা টেবলেট আৰু হেৰ’ইন জব্দ কৰে।
মনিপুৰৰ পৰা কাছাৰৰ দিশে অহা এখন ইঞ্জিন চালিত নাৱত অসম ৰাইফলছ আৰু বৰো বেকৰা আৰক্ষীয়ে যুটীয়া অভিযান তালাচী চলাই ৯০,০০০ য়াবা টেবলেট জব্দ কৰে। জব্দ কৰা টেবলেট খিনিৰ ওজন ৯.৪১৪ কেজি আৰু ইয়াৰ মূল্য প্ৰায় ২৭ কোটি টকা বুলি সদৰী কৰিছে অসম ৰাইফলছে। নিচাজাতীয় য়াবা টেবলেটৰ লগতে অভিযানত ৪৮ গ্ৰাম হেৰোইনো জব্দ কৰা হয়।
জব্দ কৰা হেৰ’ইন খিনিৰ মূল্য ২৮.৮০ লাখ টকা। জব্দ কৰা দুয়োবিধ নিচাজাতীয় সামগ্ৰী খিনিৰ মুল্য প্ৰায় ২৭.২৮৮ কোটি বুলি সদৰী কৰিছে অসম ৰাইফলছে। নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে ছয়জনকৈ লোকক গ্ৰেপ্তাৰ কৰিছে।
অভিযানকাৰী দলটোক দেখি ড্ৰাগছ সৰবৰাহকাৰী কেইজন নাও এৰি পলায়নৰ চেষ্টা কৰিছিল যদিও দলটোৱেও খেদি খেদি তেওঁলোকক গ্ৰেপ্তাৰ কৰে বুলি জানিবলৈ দিয়ে অসম ৰাইফলছে। ধৃত ব্যক্তি কেইজন এলবেথেল লুংটাউ, পানা মাৰ, ডেন্থাৰ মাৰ, লালতিউং লিয়ান মাৰ, লাল ৰামথৰ মাৰ আৰু থওনা মাৰ বুলি জানিব পৰা গৈছে। ।