মেঘালয়ত সৃষ্টি হোৱা অনাকাংক্ষিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসম আৰক্ষীয়ে গ্ৰহণ কৰিছে এক বিশেষ আৰু জৰুৰী পদক্ষেপ
অসম আৰক্ষীয়ে মুকলি কৰিছে বিশেষ হেল্পলাইন নম্বৰ
পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আৰু মেঘালয়ত থকা বা ভ্ৰমণৰ সময়ত কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হোৱা অসমৰ নাগৰিকসকলক সাহায্য প্ৰদানৰ উদ্দেশ্যে অসম আৰক্ষীয়ে বিশেষ হেল্পলাইন নম্বৰ মুকলি কৰিছে।
মেঘালয়ত যিকোনো জটিল বা অপ্ৰীতিকৰ পৰিস্থিতিত পৰে বা জৰুৰী সাহায্যৰ প্ৰয়োজন হয়, তেন্তে – ০৩৬১-২৩৮১৫১১ নম্বৰটোত পোনপটীয়াকৈ অসম আৰক্ষীৰ সৈতে যোগাযোগ কৰিব পাৰিব।
লগতে ৯১৮১০১৪৮৮৮ হোৱাটছএপ নম্বৰতো যোগাযোগ কৰিব পাৰিব।
ইপিনে,জনসাধাৰণক শান্তি-শৃংখলা বজাই ৰখাৰ আহ্বান জনাইছে অসম আৰক্ষীয়ে।