জনপ্ৰিয় লেখিকা শৰ্মিষ্ঠা প্ৰীতমৰ বাসগৃহত চুৰিকাণ্ড ।
ৰহাৰ ডিমৌৰ ৰজাগাঁৱৰ বাসগৃহত ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে চলালে লুটপাত।
চোৰে খিৰিকীৰ ৰড ভাঙি ঘৰৰ ভিতৰত প্ৰৱেশ কৰি লুটপাত।
চোৰে লুটি নিলে লেখিকাগৰাকীৰ সোণৰ আ-অংলকাৰৰ লগতে নগদ ধন।
উল্লেখ্য যে, স্বামীৰ সৈতে ডিব্ৰুগড়লৈ ঔষধ আনিবলৈ গৈছিল শৰ্মিষ্ঠা প্ৰীতম। সেই সময়তেই সংঘটিত হয় এই চুৰিকাণ্ড। সমগ্ৰ ঘটনাক লৈ অঞ্চলজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।