ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ গোৱালপাৰা জিলাতো গণৰাজ্য দিৱসৰ ব্যাপক প্ৰস্তুতি চলিছে।
জিলা প্ৰশাসনে গোৱালপাৰা চহৰৰ জে.টি.এছ. খেলপথাৰত কেন্দ্ৰীয়ভাৱে গণৰাজ্য দিৱস পালন কৰিব। কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী, অসম আৰক্ষী আৰু গৃহৰক্ষী বাহিনীৰ জোৱানসকলে পেৰেডৰ আখৰা কৰি থকা দেখা গৈছে।
পেৰেডত বিভিন্ন প্ৰতিষ্ঠানৰ শিক্ষাৰ্থীসকলেও অংশগ্ৰহণ কৰিব। ইফালে, গণৰাজ্য দিৱস উপলক্ষে জিলাখনত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে।