উজনিৰ তিনি জিলাৰ বানপীড়িতৰ ন্যায়ৰ দাবীত মহানগৰীৰ চচলত গণবিক্ষোভ কাৰ্যসূচী…

উজনি অসমৰ ভয়াৱহ বানত ক্ষতিগ্ৰস্ত ৰাইজক উচিত ক্ষতিপূৰণ আৰু সাহায্য প্ৰদানৰ দাবীত বুধবাৰে গুৱাহাটীৰ চচলস্থিত প্ৰতিবাদস্থলীত ৰাইজৰ দলৰ উদ্যোগত গণ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

বানৰ তিনিমাহ অতিক্ৰম কৰাৰ পাছতো বানপীড়িতসকলে প্ৰাপ্য সাহায্য লাভ নকৰাৰ অভিযোগ উত্থাপন কৰি শ শ লোকে প্ৰতিবাদত অংশগ্ৰহণ কৰে। শিৱসাগৰ, চৰাইদেউ, যোৰহাটকে ধৰি উজনি অসমৰ বিভিন্ন বানপীড়িত জিলাৰ পৰা অহা লোকসকলে চচলত সমবেত হৈ ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপনৰ দাবী উত্থাপন কৰে।

প্ৰতিবাদী কাৰ্যসূচীত কুংকি চৌধুৰী, জ্ঞানশ্ৰী বৰাৰ লগতে চিজেপিৰ তিনিগৰাকী কেন্দ্ৰীয় নেতায়ো অংশগ্ৰহণ কৰে। বানত ঘৰ-বাৰী আৰু খেতি-বাতি ক্ষতিগ্ৰস্ত হোৱা লোকসকলে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি বিভিন্ন শ্ল’গান দিয়ে।

ইফালে, প্ৰতিবাদস্থলীত বিশেষভাৱে উপস্থিত থাকে বানত ক্ষতিগ্ৰস্ত মহিলাসকল। কোলাত কণমানি সন্তান লৈ উজনিৰ পৰা অহা মহিলাসকলে তিনিমাহ ধৰি দুৰ্ভোগৰ মাজত দিন কটোৱাৰ অভিযোগ উত্থাপন কৰে। তেওঁলোকৰ দাবী, বানত ঘৰ-বাৰী আৰু জীৱিকাৰ ব্যাপক ক্ষতি হোৱাৰ পাছতো এতিয়ালৈকে পৰ্যাপ্ত চৰকাৰী সাহায্য লাভ কৰা নাই।

প্ৰতিবাদকাৰীসকলে শীঘ্ৰে বানপীড়িত পৰিয়ালসমূহৰ ক্ষয়-ক্ষতিৰ সঠিক মূল্যায়ন কৰি উপযুক্ত ক্ষতিপূৰণ আৰু সাহায্য প্ৰদানৰ দাবী জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *