এছিয়ান গেমছত ৰূপৰ পদকেৰে উজলিল মীৰাবাঈ চানু

জাপানৰ আইচি-নাগোয়াত অনুষ্ঠিত এছিয়ান গেমছ–২০২৬ত ভাৰতীয় খেলুৱৈসকলৰ পদক জয়ৰ ধাৰা অব্যাহত আছে। এইবাৰ দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে মনিপুৰৰ তাৰকা ভাৰোত্তোলক মীৰাবাঈ চানুৱে।

মহিলাৰ ৪৯ কেজি ভাৰোত্তোলন শাখাত ৰূপৰ পদক জয় কৰি চানুৱে আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াক্ষেত্ৰত আন এক উল্লেখযোগ্য কৃতিত্ব অৰ্জন কৰিছে। ২০২৩ৰ হংঝৌ এছিয়ান গেমছত আঘাতৰ বাবে চতুৰ্থ স্থানত অভিযান সামৰিবলগীয়া হোৱা চানুৱে এইবাৰ শক্তিশালী প্ৰত্যাৱৰ্তনেৰে পদক জয় কৰে।

এই সাফল্যৰ জৰিয়তে মীৰাবাঈ চানুৱে ভাৰতীয় ভাৰোত্তোলনৰ ইতিহাসত নিজৰ নাম আৰু অধিক উজ্জ্বল কৰিছে। কৰ্ণম মল্লেশ্বৰীৰ পিছত মীৰাবাঈ চানু হৈছে দ্বিতীয়গৰাকী ভাৰতীয় ভাৰোত্তোলক, যিয়ে সকলো মুখ্য আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত পদক জয়ৰ অনন্য কৃতিত্ব অৰ্জন কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *