আজি অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস

আজি অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস। ১৯১৭ চনৰ আজিৰ দিনটোতে ৰাজ্যৰ অন্যতম গুৰুত্বপূৰ্ণ সংগঠনটো একাংশ সাহিত্যপ্ৰেমীৰ প্ৰচেষ্টাত গঢ় লৈ উঠিছিল। অসম সাহিত্য সভাই জন্মলগ্নৰে পৰা অসমীয়া ভাষা, সাহিত্য, সংস্কৃতিৰ বিকাশৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে।

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিষ্ঠা দিৱস উপলক্ষে অসম সাহিত্য সভাৰ অতীতৰ মহান কাণ্ডাৰীসকল সামাজিক মাধ্যমযোগে স্মৰণ কৰে।

মুখ্যমন্ত্ৰীগৰাকীয়ে অসমীয়া ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত অসম সাহিত্য সভাই নিৰৱচ্ছিন্নভাৱে কাম কৰি থকাৰ বিষয়েও উল্লেখ কৰে। লগতে তেওঁ প্ৰতিষ্ঠা দিৱসৰ দিনটোত সভাৰ সৈতে বৰ্তমান জড়িত সকলোকে তথা অসমবাসীক শুভকামনা জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *