OAT India Tourত অংশ লোৱাৰ উদ্দেশ্যে আজি কলকাতাত উপস্থিত হয় বিশ্ব ফুটবলৰ এগৰাকী অবিসম্বাদী সম্ৰাট লিঅ’নেল মেছি।
প্ৰিয় তাৰকাগৰাকীক এবাৰ স্বচক্ষে প্ৰত্যক্ষ কৰিবলৈ ছল্ট লেক ষ্টেডিয়ামত বৃহৎসংখ্যক লোকৰ ভিৰ পৰিলক্ষিত হয়।
ষ্টেডিয়ামখনত এখন বন্ধুত্বপূৰ্ণ মেচৰ লগতে এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হৈছে।
লিঅ’নেল মেছিয়ে লেক টাউনৰ শ্ৰীভূমি স্প’ৰ্টিং ক্লাবত নিজৰ এক ৭০ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি ভাৰ্চুৱেলী উন্মোচন কৰে।
আনহাতে মেছিৰ সৈতে লুইছ ছুৱাৰেজ আৰু আৰ্জেণ্টিনাৰ সতীৰ্থ ৰড্ৰিগো ডি পল ভাৰতলৈ আহিছে।
এই তিনিদিনীয়া ভাৰত ভ্ৰমণকালত মেছিয়ে কলকাতাৰ উপৰি হায়দৰাবাদ, মুম্বাই আৰু নতুন দিল্লীত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।