NEET-UG পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল আৰু খেলিমেলিৰ অভিযোগত দিল্লীৰ যন্তৰ মন্তৰত ক’কৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ

NEET-UG পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল আৰু ব্যাপক খেলিমেলিৰ অভিযোগ উত্থাপন কৰি নতুন দিল্লীৰ যন্তৰ-মন্তৰত ক’কৰোচ জনতা পাৰ্টি (CJP)-ৰ প্ৰতিবাদ।যোৱা ২০ জুনৰ পৰা ধাৰাবাহিকভাৱে চলি থকা এই প্ৰতিবাদ আজিও অব্যাহত আছে। লাডাখৰ জনপ্ৰিয় নেতা তথা বিশিষ্ট পৰিৱেশ কৰ্মী সোণম ৱাংচুকে আন্দোলনৰ সমৰ্থনত অনিৰ্দিষ্টকালীন অনশন কাৰ্যসূচী আৰম্ভ কৰে।

প্ৰতিবাদকাৰী ছাত্ৰ-যুৱক আৰু সংগঠনটোৰ অভিযোগ অনুসৰি পৰীক্ষাত হোৱা অনিয়মৰ সন্দৰ্ভত উত্থাপিত দাবীসমূহৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে এতিয়ালৈকে কোনো সঁহাৰি দিয়া নাই। CJP-ৰ মুখপাত্ৰ সৌৰভ দাসে সংবাদ মাধ্যমৰ সন্মুখত স্পষ্টকৈ কয়, “যেতিয়ালৈকে আমাৰ দাবীসমূহ পূৰণ নহয়, তেতিয়ালৈকে এই আন্দোলন কোনো কাৰণতে প্ৰত্যাহাৰ কৰা নহ’ব।” ইয়াৰ লগতে সংগঠনটোৱে সমগ্ৰ দেশজুৰি ‘প্ৰধান গো বেক’ কাৰ্যসূচী ঘোষণা কৰি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ তৎকালীন পদত্যাগৰ দাবী জনাইছে।

উল্লেখ্য যে, দিনক দিনে তীব্ৰতৰ হৈ অহা CJP-ৰ এই প্ৰতিবাদলৈ বৰ্তমান দেশৰ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু কেইবাটাও কৃষক সংগঠনেও পূৰ্ণ সমৰ্থন আগবঢ়াই যন্তৰ-মন্তৰত সমবেত হৈছে। সোণম ৱাংচুকৰ দৰে এজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশিষ্ট সমাজকৰ্মী অনশনত বহাৰ পাছত এতিয়া কেন্দ্ৰীয় চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰে, সেয়া অত্যন্ত লক্ষণীয় হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *