IAS বিষয়া মানৱেন্দ্ৰ প্ৰতাপ সিঙৰ বিৰুদ্ধে চৰকাৰী সম্পত্তি ব্যক্তিগত কামত ব্যৱহাৰ কৰাৰ অভিযোগ

অসম-মেঘালয় কেডাৰৰ আই এ এছ বিষয়া মানৱেন্দ্ৰ প্ৰতাপ সিঙৰ বিৰুদ্ধে চৰকাৰী সম্পত্তি ব্যক্তিগত কামত ব্যৱহাৰৰ কৰিব থকাৰ গুৰুতৰ অভিযোগ।

অভিযোগ অনুসৰি, চৰকাৰীভাৱে আবণ্টিত আৱাস এৰি নতুন আৱাসলৈ যোৱাৰ পাছতো বিষয়াগৰাকীয়ে গুৱাহাটীৰ ৰেহাবাৰীস্থিত ফৰেষ্ট কলনিৰ এটা কমিউনিটি হল ব্যক্তিগত সামগ্ৰী সংৰক্ষণৰ বাবে ব্যৱহাৰ কৰি আহিছে।

জানিব পৰা মতে, সিঙক পূৰ্বে ৰেহাবাৰীৰ ফৰেষ্ট কলনীত চৰকাৰী আৱাস আবণ্টন দিয়া হৈছিল। তাত তেওঁ একে সময়তে দুটা ফ্লেট ব্যৱহাৰ কৰিছিল বুলি অভিযোগ উঠিছে। এটা ফ্লেটত তেওঁ বাস কৰাৰ বিপৰীতে আনটো ফ্লেট অতিৰিক্ত লাগেজ আৰু ব্যক্তিগত সামগ্ৰী ৰখাৰ বাবে ব্যৱহাৰ কৰা হৈছিল বুলি অভিযোগ ।

পৰৱৰ্তী সময়ত সিঙক খানাপাৰাৰ আই এ এছ অফিচাৰ্ছ কলনীত নতুন ফ্লেট আবণ্টন দিয়া হয়। ইয়াৰ পাছত তেওঁ ৰেহাবাৰীৰ দুয়োটা ফ্লেট খালী কৰে। কিন্তু চৰকাৰী আৱাস দুটা খালী কৰাৰ পাছতো ৰেহাবাৰী ফৰেষ্ট কলনিৰ গ্ৰাউণ্ড ফ্ল’ৰত থকা কমিউনিটি হলটো ব্যক্তিগত সামগ্ৰী ৰখাৰ বাবে ব্যৱহাৰ কৰি আহিছে।

জানিব পৰা মতে, ফ্লেট খালি কৰাৰ পাছতে দুবছৰতকৈ অধিক সময় ধৰি কমিউনিটি হল দখল কৰি আছিল আIAS বিষয়া মানৱেন্দ্ৰ প্ৰতাপ সিঙে।

এই কমিউনিটি হলটো দুবছৰতকৈ অধিক সময় ধৰি ব্যক্তিগত সামগ্ৰী ৰখাৰ বাবে অসম বন বিভাগে একাধিকবাৰ বিষয়াগৰাকীক হলটো খালী কৰি সামগ্ৰীসমূহ আঁতৰাবলৈ অনুৰোধ জনাইছিল যদিও বিভাগীয় অনুৰোধৰ পাছতো হলটো খালী কৰা নাছিল। বৰ্তমানেও হলটোত ব্যক্তিগত লাগেজ আৰু অন্যান্য সামগ্ৰী থকা বুলি অভিযোগ উত্থাপিত হৈছে।

ইয়াৰ ফলত ফৰেষ্ট কলনিৰ অন্যান্য বিষয়া আৰু বাসিন্দাসকলে সামূহিকভাৱে ব্যৱহাৰ কৰিবলগীয়া কমিউনিটি হলটো দীৰ্ঘদিন ধৰি ব্যৱহাৰৰ পৰা বঞ্চিত হৈ আছে বুলি অভিযোগ উঠিছে।

এতিয়া প্ৰশ্ন হয় এগৰাকী চৰকাৰী বিষয়াই চৰকাৰী আৱাস লাভ কৰাৰ পাছতো কিয় খালী কৰা নাই পূৰ্বৰ আৱাস গৃহ?

Leave a Reply

Your email address will not be published. Required fields are marked *