চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত আয়োজিত চতুৰ্থ সংখ্যক সমবায় মেলা আজি সমবায় বিভাগৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী কৃষাণ পাল গুৰজাৰে উদ্বোধন কৰে।
অনুষ্ঠানত ৰাজ্য চৰকাৰৰ সমবায় বিভাগৰ মন্ত্ৰী যোগেন মোহন উপস্থিত থাকে।
আজিৰে পৰা ১৫ ডিচেম্বৰলৈ এই মেলা অনুষ্ঠিত হ’ব। মেলাত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সমবায় সমিতিসমূহে অংশগ্রহণ কৰিছে।
উল্লেখযোগ্য যে, এই সমবায় মেলাত হাতে বোৱা কাপোৰ, বাঁহ-বেতৰে নির্মিত সামগ্রী, পানী মেটেকা, মৰাপাটৰে নিৰ্মিত সামগ্রী, কাঁহৰ সামগ্রী, পৰম্পৰাগত অসমীয়া গহণা ইত্যাদিকে ধৰি বিবিধ সামগ্রী বিক্ৰী আৰু প্ৰদৰ্শন কৰা হয়।