সোমবাৰে অসম বিধানসভা নিৰ্বাচনৰ ভোট গণনা। অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনৰ ভোট গণনাৰ পৰিপ্ৰেক্ষিতত যোৰহাটৰ জিলা দণ্ডাধীশ জয় শিৱানী(IAS)য়ে সমগ্ৰ জিলাখনতে কেতবোৰ কঠোৰ নিষেধাজ্ঞা জাৰি কৰিছে।
ভাৰতীয় নিৰ্বাচন আয়োগে বিগত ১৫ মাৰ্চত ঘোষণা কৰা এই ভোট গণনাৰ দিনটোত জনসাধাৰণৰ মাজত শান্তি-শৃংখলা আৰু সম্প্ৰীতি অটুট ৰখাৰ স্বাৰ্থত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰাৰ অধীনত এই নিৰ্দেশ জাৰি কৰা হৈছে।
ভোট গণনা কেন্দ্ৰৰ চৌহদত কোনো ধৰণৰ শ্ল’গান দিয়া আৰু লাউডস্পীকাৰ ব্যৱহাৰ কৰাটো সম্পূৰ্ণৰূপে নিষিদ্ধ
ফলাফল ঘোষণাৰ পাছত জিলা দণ্ডাধীশৰ আগতীয়া অনুমতি অবিহনে জিলাখনৰ কোনো ঠাইতে বিজয় সমদল বা ৰেলী উলিয়াব নোৱাৰিব
৪ মে’ৰ দিনটোত যোৰহাট জিলাৰ ড্ৰাই ডে’ ঘোষণা কৰিছে
সকলো দেশী-বিদেশী সুৰাৰ দোকান,পাইকাৰী গুডাম, বটলিং ইউনিট, হোটেল আৰু ক্লাব সম্পূৰ্ণৰূপে বন্ধ ৰাখিব লাগিব
এই চৰকাৰী নিৰ্দেশনা উলংঘন কৰা যিকোনো ব্যক্তিৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ ২২৩ ধাৰাৰ অধীনত আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব। তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱা এই আদেশ পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে বাহাল থাকিব বুলি নিৰ্দেশনাত প্ৰকাশ ।