বিশিষ্ট সাংবাদিক, সম্পাদক, লেখক তথা চিন্তাবিদ হাইদৰ হুছেইনলৈ ‘পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা’ ।
অসমৰ সাংবাদিকতাৰ ক্ষেত্ৰখনৰ লগতে জাতীয় জীৱনলৈ আগবঢ়োৱা অতুলনীয় অৱদান আৰু সুদীৰ্ঘ ৫টা দশক ধৰি অব্যাহত ৰখা নিৰবিচ্ছিন্ন বৌদ্ধিক সাধনাৰ স্বীকৃতিস্বৰূপে সাংবাদিকগৰাকীলৈ এই সন্মানীয় বঁটা আগবঢ়োৱা হৈছে
উল্লেখ্য যে,১৯৪৫ চনত নলবাৰীৰ বড়িদতৰা গাঁৱত জন্মগ্ৰহণ কৰা হাইদৰ হুছেইনে ছাত্ৰ অৱস্থাৰ পৰাই সাংবাদিকতাৰ সৈতে জড়িত হৈ পৰিছিল। অধ্যাপক সম্ভূ চক্ৰৱৰ্তীৰ সম্পাদনাত প্ৰকাশিত ‘নতুন প্ৰভাত’ৰ পৰা আৰম্ভ কৰি ‘অসমবাণী’, ‘সাদিন’ আৰু পৰৱৰ্তী সময়ত ‘অসমীয়া প্ৰতিদিন’ৰ সম্পাদক তথা মুখ্য সম্পাদক হিচাপে ১৬ বছৰ ধৰি যি বলিষ্ঠ ভূমিকা পালন কৰিছিল, সেয়া অসমৰ সংবাদ ইতিহাসৰ এক উজ্জ্বল অধ্যায়। অসমৰ প্ৰায়সমূহ সাপ্তাহিক বাতৰি কাকত আৰু মাহেকীয়া আলোচনীত চিন্তা উদ্ৰেককাৰী তথা প্ৰতিষ্ঠানবিৰোধী নিৱন্ধৰ জৰিয়তে অসমৰ নতুন প্ৰজন্মৰ মাজত সাহসী লেখক হিচাপে পৰিচিত হৈ পৰা হাইদৰ হুছেইন ডাঙৰীয়া আছিল এজন মানৱ অধিকাৰ কৰ্মী।
পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চই জানিবলৈ দিয়া অনুসৰি অহা ১৭ মে’ত গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হ’বলগীয়া পৰাগ কুমাৰ দাসৰ স্মৃতি দিৱসত হাইদৰ হুছেইনক আনুষ্ঠানিকভাৱে এই বঁটা প্ৰদান কৰা হ’ব।