নুমলীগড়ত বন্যহস্তীৰ উপদ্ৰৱ;গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মহিলা

নুমলীগড়ত অব্যাহত আছে হাতী-মানুহৰ সংঘাত। এইবাৰ নুমলীগড়ৰ বকিয়াল খণ্ড বন কাৰ্যালয়ৰ অধীনস্থ ৩নং ৰংবঙত বন্যহস্তীৰ উপদ্ৰৱ।

নিশা বনাঞ্চলৰ পৰা ওলাই অহা এটা বনৰীয়া হাতীয়ে ৩নং ৰংবং গাঁৱত প্ৰৱেশ কৰি উপদ্ৰৱ চলায়। খাদ্যৰ সন্ধানত ওলাই অহা হাতীটোৱে গাঁৱখনৰ দুটাকৈ বাসগৃহ ভাঙি লণ্ড-ভণ্ড কৰে। হাতীটোৰ উপদ্ৰৱৰ ফলত ঘৰৰ ভিতৰত থকা লোকসকলৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয়।

আনফালে, হাতীটোৱে বাসগৃহ ধ্বংস কৰাৰ সময়তে দেৱাল ভাঙি গাত পৰাৰ ফলত সুনো দাস নামৰ এগৰাকী মহিলা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। স্থানীয় ৰাইজে মহিলাগৰাকীক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

ঘটনা সন্দৰ্ভত বন বিভাগক অৱগত কৰা হৈছে যদিও হাতী-মানুহৰ এই সংঘাত ৰোধ কৰাত বন বিভাগ ব্যৰ্থ হোৱা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *