শিলচৰ–আইজল ৰাষ্ট্ৰীয় ঘাইপথত কাছাৰ আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে ।
গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত সোনাবাড়িঘাট বাইপাছত আৰক্ষীয়ে চলোৱা এই বিশেষ অভিযানত এখন ব’লেৰো পিকআপ ভান আৰু এখন হুণ্ডাই ভেন্যু বাহন জব্দ কৰে।
ব’লেৰো পিকআপ ভানখনৰ গোপন চেম্বাৰৰ পৰা প্ৰায় ২ কোটি টকা বজাৰ মূল্যৰ নিষিদ্ধ ড্ৰাগছ জব্দ কৰা হয়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে পাঁচজন লোকক গ্ৰেপ্তাৰ কৰিছে।
জব্দ কৰা বাহনকেইখন মিজোৰামৰ চাম্পাই জিলাৰ পৰা আহি আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।