ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ঘাইপথ নিৰ্মাণৰ ক্ষেত্ৰত দুটাকৈ বিশ্ব অভিলেখ

ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ঘাইপথ নিৰ্মাণৰ ক্ষেত্ৰত দুটাকৈ বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। অন্ধ্ৰপ্ৰদেশত ৬ লেনযুক্ত NH-544-G বাংগালুৰু-কাড়াপা-বিজয়ৱাড়া অৰ্থনৈতিক কৰিড’ৰৰ নিৰ্মাণকাৰ্য গিনিজ বুকত অন্তৰ্ভূক্ত হৈছে।

উল্লেখযোগ্য যে, নিৰ্মিয়মাণ এই প্ৰকল্পত ২৪ ঘণ্টাত ২৮ দশমিক ৯-৫ কিলোমিটাৰ ঘাইপথ নিৰ্মাণ কৰি বিশ্ব অভিলেখ গঢ়িছে। ইয়াৰ উপৰি ২৪ ঘণ্টাত ধাৰাবাহিকভাৱে ১০ হাজাৰ ৬৭৫ মেট্ৰিক টন বিটুমিনাছ কংক্ৰীটৰ ব্যৱহাৰো গিনিজ বুকত অন্তৰ্ভূক্ত হৈছে।

২৪ ঘণ্টাত এয়া হৈছে বিশ্বৰ ভিতৰতে সৰ্বাধিক দৈৰ্ঘৰ ঘাইপথ নিৰ্মাণ আৰু সৰ্বাধিক পৰিমানৰ বিটুমিনাছ কংক্ৰীটৰ ব্যৱহাৰ। এই সফলতা ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বাবে এক উল্লেখযোগ্য কৃতিত্ব হিচাপে বিবেচিত হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *