বিশিষ্ট সমাজকৰ্মী প্ৰয়াত মেহুৰাম বৰাৰ প্ৰতিমূৰ্তি আৰু শিশু কল্যাণ কেন্দ্ৰ ন জোন উদ্বোধন

গোলাঘাট জিলাৰ বৰাহী ফাউণ্ডেশ্যনৰ উদ্যোগত আজি বৰাহী গাঁৱত বিশিষ্ট সমাজকৰ্মী প্ৰয়াত মেহুৰাম বৰাৰ প্ৰতিমূৰ্তি আৰু শিশু কল্যাণ কেন্দ্ৰ ন জোন উদ্বোধন কৰা হয়।

এই উদ্বোধনী অনুষ্ঠানত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী কেশৱ মহন্ত, অতুল বৰা, প্ৰয়াত মেহুৰাম বৰাৰ পৰিয়ালবৰ্গ আৰু জিলা আয়ুক্ত উপস্থিত থাকে। অনুষ্ঠানত বিভিন্ন প্ৰান্তৰ পৰা অহা কণ কণ শিশুৰ লগতে সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে।

ইফালে, অনুষ্ঠানৰ সৈতে সংগতি ৰাখি এখন টাইকোৱাণ্ডো প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *