নতুন দিল্লীত শুকুৰবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে পঞ্চম ৰাষ্ট্ৰীয় মুখ্য সচিব সন্মিলন অনুষ্ঠিত হৈছে।
ৰাষ্ট্ৰীয় উন্নয়নৰ অগ্ৰাধিকাৰমূলক বিষয়বোৰৰ ওপৰত গাঁথনিগত আৰু স্থায়ী আলোচনাৰ জৰিয়তে কেন্দ্ৰ-ৰাজ্যৰ অংশীদাৰিত্ব শক্তিশালী কৰা এই তিনিদিনীয়া সন্মিলনৰ লক্ষ্য।
আজি এই সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অধ্যক্ষতা কৰিছে। আনহাতে প্ৰধানমন্ত্ৰীৰ কাইলৈও অধ্যক্ষতাতে অনুষ্ঠিত হব সন্মিলনখন।
এই সন্মিলনত সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য সচিব, জ্যেষ্ঠ বিষয়া আৰু বিভিন্নক্ষেত্ৰৰ বিশেষজ্ঞসকলে অংশগ্ৰহণ কৰিছে। চলিত বৰ্ষৰ সন্মিলনত ৫ টা মূল বিষয়ত বিশেষ গুৰুত্ব দিয়া হৈছে।
সেয়া হৈছে প্ৰাথমিক শিশু শিক্ষা, স্কুলীয়া শিক্ষা, দক্ষতা, উচ্চ শিক্ষা, ক্ৰীড়া আৰু পাঠ্যক্ৰমৰ বহিৰ্ভূত কাম-কাজ। উল্লেখযোগ্য যে, বিগত ৪ বছৰ ধৰি প্ৰতি বছৰে এই মুখ্য সচিবসকলৰ ৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন কৰি অহা হৈছে। ২০২২ চনৰ জুন মাহত ধৰ্মশালাত প্ৰথম সন্মিলন অনুষ্ঠিত হৈছিল