কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ কেমেৰাত বন্দী হ’ল দুৰ্লভ দৃশ্য।
ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ অহা পৰ্যটকে গছৰ ডালত প্ৰত্যক্ষ কৰে ফেঁচা। উদ্যান ভ্ৰমণ কৰিবলৈ অহা পৰ্যটকে উদ্যানৰ বনাঞ্চলত গছৰ ডালত বহি থকা ফেঁচাৰ দৃশ্য কেমেৰাত বন্দী কৰে।
উল্লেখযোগ্য যে ফেঁচাৰ উপস্থিতি পৰিবেশৰ সুস্থতাৰ সূচক। ইতিমধ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কেৱল এশিঙীয়া গঁড়ৰ বাবে নহয়, বহু প্ৰজাতিৰ দুৰ্লভ পক্ষী আৰু বনৰীয়া জীৱৰো নিৰাপদ আশ্ৰয়স্থল হিচাপে পৰিচিত হৈছে।