ভাৰতৰ সংসদ ভৱনত সংঘটিত হোৱা ভয়াবহ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাই আজি ২৪ বছৰ সম্পূৰ্ণ কৰিলে

ভাৰতৰ সংসদ ভৱনত সংঘটিত হোৱা ভয়াবহ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাই আজি ২৪ বছৰ সম্পূৰ্ণ কৰিলে।

২০০১ চনৰ ১৩ ডিচেম্বৰৰ দিনা সংসদৰ ভৱনত সন্ত্ৰাসবাদীয়ে আক্ৰমণ সংঘটিত কৰিছিল। এই ভয়াৱহ আক্ৰমণত নিৰাপত্তা ৰক্ষী, কৰ্মীসহ ৯ গৰাকী লোকে প্ৰাণ হেৰুৱাইছিল।

এই ঘটনাত শ্বহীদসকলৰ স্মৃতিত আজি সংসদ ভৱনত বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু মৌন প্ৰাৰ্থনাৰ আয়োজন কৰা হয়।

উপ-ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ সভাপতি চি.পি. ৰাধাকৃষ্ণন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী, সাংসদসকলে শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অৰ্পন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *