মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশকো কেৰেপ নকৰে নগাঁৱৰ সুদখোৰ ইমৰান হুছেইন ওৰফে ইৰানে।
নগাঁৱৰ ইমৰাণ হুছেইন ওৰফে ইৰাণৰ বিৰুদ্ধে সুদত ধন দি নিৰ্তযান চলোৱাৰ অভিযোগ।
এইবাৰ ইমৰান হুছেইনৰ সুদৰ মেৰপাকত পৰি নগাঁও সদৰ আৰক্ষীৰ কাষ চাপিল চামগুৰিৰ যুৱক কাজিৰ মাচুদ।
১৫ শতাংশ সুদত ৫লাখ ৫২হাজাৰ টকা সুদত দি নিৰ্যাতন চলোৱাৰ অভিযোগ।
কাজীৰ ১২লাখ টকীয়া মহিন্দ্ৰা এক্সইউভি বাহনো কাঢ়ি নিয়াৰ অভিযোগ।
নগাঁৱৰ খ্ৰীষ্টানপট্টিৰ ইৰাণৰ ঘৰৰ পৰা উদ্ধাৰ কৰিছে কাজীৰ AS02AU1888 নম্বৰৰ এক্সইউভি বাহনখন।
অৱশেষত নগাঁও আৰক্ষীয়ে প্ৰাপ্তাৰ কৰে কুখ্যাত সুধখোৰ ইমৰান হুছেইন ওৰফে ইৰাণক।