সিমু দাসক লোকভৱনত সম্বৰ্ধনা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ

দৃষ্টিহীন মহিলা টি-২০ বিশ্বকাপ জয় কৰি দেশবাসীক গৌৰৱান্বিত কৰা ভাৰতীয় দলটোৰ অন্যতম সদস্য সিমু দাসক লোকভৱনত সম্বৰ্ধনা জনায় ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই।

ৰাজ্যপালগৰাকীয়ে সিমু দাসৰ উল্লেখযোগ্য প্ৰদৰ্শনৰ বাবে প্ৰশংসা কৰাৰ লগতে তেওঁৰ নিষ্ঠা, অধ্যৱসায়, আৰু দক্ষতাৰ শলাগ লয়। লগতে খেলুৱৈগৰাকীক ভৱিষ্যতৰ বাবে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *