একচন মোডত যোৰহাট পৌৰসভা;নিশাৰ ভাগত ডেৰ শতাধিক পদ পথৰ দোকান উচ্ছেদ।
যোৰহাট নগৰৰ মাজমজিয়াৰ এ টি ৰোডৰ ‘ন’ ভেণ্ডিং জ’ন’ত পদপথ দখল কৰি ব্যৱসায় চলাই থকা একাংশ ব্যৱসায়ীৰ বিৰুদ্ধে পৌৰসভাই চলায় ব্যাপক উচ্ছেদ অভিযান। বিশেষকৈ উৰণসেতুৰ তলত থকা অবৈধ দোকানসমূহ উচ্ছেদ কৰে প্ৰশাসনে
প্ৰশাসনে।পৌৰসভাই জাননী দিয়াৰ পাছতো উৰণসেঁতুৰ তলৰ পৰা উঠি নগল পদ পথ ব্যবসায়ীসকল । যাৰ বাবে নিশাৰ ভাগত প্ৰায় ডেৰশখন পদ পথৰ দোকান উচ্ছেদ কৰে যোৰহাট পৌৰসভাই ।
পিছে পৌৰসভা আৰু প্ৰশাসনৰ এই পদক্ষেপক লৈ তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিছে উচ্ছেদিত ক্ষুদ্ৰ ব্যৱসায়ীসকলে। ফল-মূল বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়া এইসকল ব্যৱসায়ীয়ে উত্থাপন কৰিছে এক বিস্ফোৰক অভিযোগ।
তেওঁলোকৰ মতে, যিসকল ব্যৱসায়ীক আজি অবৈধ বুলি উচ্ছেদ কৰা হ’ল, সেইসকলৰ পৰা যোৰহাট পৌৰসভাৰ লেচীয়ে নিয়মিতভাৱে টেক্স বা কৰ সংগ্ৰহ কৰি আহিছিল। যদিহে তেওঁলোক অবৈধই আছিল, তেন্তে পৌৰসভাৰ লেচীয়ে কিয় কৰ লৈছিল বুলি এতিয়া প্ৰশ্ন উঠিছে।
ইয়াৰ উপৰিও, উচ্ছেদ অভিযানত প্ৰশাসনে পক্ষপাতমূলক আচৰণ কৰাৰো অভিযোগ উঠিছে। স্থানীয় একাংশ লোক আৰু ব্যৱসায়ীৰ অভিযোগ অনুসৰি, আজি প্ৰশাসনে খিলঞ্জীয়া অসমীয়া ফল-মূলৰ ব্যৱসায়ীসকলক উচ্ছেদ কৰিলে যদিও পদপথৰ কাষতে ফুচকা, মম’ আদি বিক্ৰী কৰি থকা অনা-অসমীয়া ব্যৱসায়ীসকলৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে পৌৰ সভাই